Loading...
Larger font
Smaller font
Copy
Print
Contents
মহান বিবাদ - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    অধ্যায় ২ - মানুহৰ পতন

    মই দেখিলো যে পবিত্র দেবদূত সকল প্ৰায়েই উদ্যানত আহি আদম আৰু ইভকসিহতৰ কামৰ নিৰ্দেশ দিছিল। আৰু চয়তান আৰু তাৰ সন্ধীসকলৰ বিদ্ৰোহৰ কথা বুজাইছিল। দেবদূত সকলে সিঁহতক সতর্ক আৰু সাৱধান কৰি কৈছিল। তোমালোক কেতিয়া ও বিচ্ছিন্ন দেবদূত সকলে সিঁহতক ভগৱানৰ নির্দেশ অনুসৰন কৰিব কৈছিল কাৰণ পূৰ্ণ মান্যতাতেই লে সিঁহত নিৰাপদ আছিল যিহেতু সেইটোৱেই আছিল শত্ৰু প্ৰতিৰোধ কৰাৰ সম্বল।GCam 3.1

    চয়তানে ইভৰ সন্ধী হৈ তাইৰ ভগৱানক অমান্য কৰাৰ কাম আৰম্ভ কৰি দিলে তাইৰ প্ৰথম ভুল হল গিৰিয়েকৰ লগ এৰা, দ্বিতীয়তে নিষিদ্ধ গছটোৰ চাৰিফালে ঘুৰা, গিৰিয়েকৰ তৃতীয়তে প্রলোভনৰীৰ কথা শুনা আৰু আনকি ভগৱানে যি কৈছে তাকো সন্দেহ কৰিবলৈ সাহস । ভগৱানক অমান্য কৰি তাই ফলটো লৈ খালে। দেখাত ধুনীয়া আৰু সুস্বাদু ফলটোক কিয় ভগৱানে খাব দিয়া নাছিল এই কথা লৈ ইভে ভগৱানৰ প্ৰতি ঈর্ষান্বিত হল আৰু সিঁহতৰ ভালৰ কাৰণে ভাবি এয়া তাইৰ গিৰি য়েকক খাবলৈ দি প্ৰলোভিত কৰিলে।GCam 3.2

    মই দেখিলো যে দুখী আদনে ভীত আৰু আচৰিত অনুভৱ কৰিছে। তাৰ মনৰ মাজত যেন এটাবন চলি আছিল আৰু সি নিশ্চিতকৈ বুজিব পাৰিলে এইজনেই হল সেই শত্ৰু যাৰ বিৱাদ্ধে সেঁহতকে সতর্ক কৰি দিয়া হৈছিল আৰু তাৰ ঘৈনিয়েকৰ মৃত্যু অবশ্যম্ভাবী। ইভৰ প্ৰতি তাৰ গভীৰ প্ৰেমৰ বাৱে মন মাৰি যি তাইৰ ভাগ্যৰ সঙ্গী হবলৈ থিৰাং কৰিলে। এতেকে আদম ফলটো লৈ খাই দিয়াত চয়তানে বৰ আনন্দিত হল। চয়তানে জানিছিল যে এই পতনত তিৰোতাজনী সঙ্গীবিহীন ন হয়। আদমেও ভগৱানৰ আদেশ অমান্য কৰি পতনৰ মুখত পৰিলে।GCam 3.3

    মানুহৰ পতনৰ সংবাদ গোটেই স্বৰ্গত বিয়পি গ’ল। এই দুখত দেবদূত সকল তেওঁলোকৰ মুকুট মূৰৰ পৰা নমাই ললে আৰু গোটেই স্বৰ্গখন অস্থিৰ হৈ গল। নাট সভা অনুষ্ঠিত হলে, অপৰাধী জোড়ৰ ভাগ্য নির্ণয়ৰ বাবে। দেবদূত সকলৰ আশংকা হল যে সঞ্জীৱনী গছৰ ফল খাই অমৰ পাপীলৈ ৰূপান্তৰিত হব। কিন্তু ভগৱানে কলে অনধিকাৰ প্ৰবেশকাৰীক উদ্যানৰ পৰা উলিৱাই দিয়া হব। সেইবাৱে সঞ্জীৱনী গছজোপা ৰক্ষা কৰাৰ উদ্দেশ্য।GCam 4.1

    দেবদূত সকলক নিযুক্ত কৰা হল। ভগৱানক অমান্য কৰি আৰু তেওঁৰ ক্রোধৰ বলি হৈ, অ্যাদাম আৰু ইভে সঞ্জীৱনী গছৰ সহায় লওক যাতে পদ চিৰদিনৰ বাৱে জীয়াই থাকে এইটোৱেই আছিল চয়তানৰ পৰিকল্পনা। কিন্তু পবিত্র দেবদূত সকলৰ এটা দলক সিঁহতক উদ্যানৰ পৰা উলিৱাই দিয়াত লগোৱা হল। আৰু আনটো দলক সঞ্জীৱনী গছৰ আহাৰৰ ৰাস্তা অৱৰোধ ক্ৰৰ বাৱে নিযুক্তি দিয়া হল। এই সকলো শক্তিশালী দেবদূতৰ সোঁহাতত যেনGCam 4.2

    Larger font
    Smaller font
    Copy
    Print
    Contents