Loading...
Larger font
Smaller font
Copy
Print
Contents
মহান বিবাদ - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First

    অধ্যায় ২৩ - প্রথম দূতৰ বাণী

    মই দেখিলো যে ১৮৪৩ চনৰ ঘোষণা পত্ৰত ঈশ্বৰ আছিল। ইয়াত তেখেতৰ অভিসন্ধি আছিল মানুহ বিলাকক উদগোৱা আৰু তেওঁলোকক এটা পৰীক্ষিত হোৱাৰ মূহুৰ্তলৈ আনা যত তেওঁলোকে সিদ্ধান্ত লব। ভবিষ্যতবানী সম্বন্ধী আছিল মানুহবিলাকক উদগোৱা আৰু তেওঁলোকক এটা পৰীক্ষিত হোৱাৰ মূহুৰ্তলৈ আনা যত তেওঁলোকে সিদ্ধান্ত লব। ভবিষ্যতবাণী সম্বন্ধীয় কালৰ ওপৰত লোৱা অৱস্থানবোৰৰ শুদ্ধাতাৰ বিষয়ত ধৰ্মাচাৰ্য্য সকলক দোষী সাব্যস্ত কৰা হল আৰু বিশ্বাস জন্মালে। তেওঁলোকে তেওঁলোকৰ অহঙ্কাৰ, দৰমহা আৰু গীর্জাখৰখন ত্যাগ কৰি ইটোৰ পৰা সিটো স্থানলৈ গৈ বাণীটো ঘোষণা কৰিল। কিন্তু যেনে স্বৰ্গৰ পৰা বাণীটো খ্রীষ্টৰ খুলাখুলিকৈ স্বীকৃত ধৰ্মাচাৰ্য্য সকলৰ অকল অলপ কেইজনৰ হৃদয়ত এইটো স্থান পালে তেনেই কামটো বহুতোৰে ওপৰত দিয়া হয় যি সকলে ধৰ্ম্ম প্ৰচাৰক নাছিল। এনেদৰে সকলো ক্ষেত্ৰৰ মানুহে তেওঁলোকৰ কাম কাজ এৰি প্ৰথম দূতৰ বীৰ সৰ্ব্বপ্রিয় নোহোৱা এই কামটোত সক্রিয় ভূমিকা লবলৈ আহিল। ধৰ্মাচাৰ্য্য সকলে তেওঁলোকৰ ভিন্নতা এৰি যীশুৰ আগমনটো ঘোষণা কৰিবলৈ একেলগ হল। মানুহ বিলাকলৈ সৰ্ব্ব এই বাণীটো পৌছিল। পাপীবোৰে অনুতাপ কৰিল, ক্ষমালাভৰ বাৱে কান্দিল আৰু প্ৰাৰ্থনা কৰিল আৰু অসৎ মানুহ বোৰে ক্ষতিপূৰণ দিয়াৰ বাৱে ব্যগ্ৰ হৈ আছিল।GCam 110.1

    পিতৃমাতৃ সকলে তেওঁলোকৰ সন্তানবোৰৰ বাবে গভীৰ উদ্বেগ বোধ কৰিল যি সকলে বাণীটো গ্ৰহণ কৰিল, তেওঁলোকৰ মন পৰিবৰ্ত্তনহীন বন্ধু বৰ্গ আৰু আত্মীয় স্বজন লৈ শ্ৰম কৰিল আৰু তেওঁলোকৰ আত্মা সকূহ ভক্তিপূর্ণ বাণীটোৰ ভাৰলৈ অৱনত হল আৰু তেওঁলোকক ঈশ্বৰ পুত্ৰৰ আগমনৰ বাৱে প্ৰস্তুত হবলৈ সতর্ক আৰু কাকুতি কৰিল। মিলাৰে প্ৰচাৰ কৰা সত্যটো আকোৱাই লবলৈ সহস্রাধিকক আগুৱাই লোৱা হল আৰু বাণীটো ঘোষণা কৰাৰ বাৱে এলিজাৰ আত্মা আৰু ক্ষমতাৰে ঈশ্বৰৰ সেৱকসকলক চালিত কৰা হল। যীশুৰ আগমনৱা জনৰ দৰে যি সকলে এই ভক্তিপূর্ণ বাণীটো প্ৰচাৰ কৰিল। তেওঁলোকে গছৰ গুৰিত কুঠাৰ ৰাখিবলৈ বাধ্যতা অনুভৱ কৰিল আৰু মানুহ বিলাকৰ ওচৰত অনুতাপৰ ফলবোৰ ওপজাবলৈ প্ৰাৰ্থনা কৰিল৷ গীর্জা ঘৰবোৰক উদগাবলৈ আৰু বলেৰে পৰিবৰ্তন কৰিবলৈ আৰু তেওঁলোকৰ আচল চৰিত্ৰ প্ৰদৰ্শন কৰিবলৈ তেওঁলোকৰ সাক্ষ্য ঠিক কৰা হৈছিল। এনেদৰে গীর্জাঘৰ বোৰৰ সৈতে একেলগ হৈ থকা বহুতোৱে অনুতাপেৰে আৰুআত্মাৰ গভীৰ যাতনাৰে ঈশ্বৰৰ আগত সেও ল’লে।GCam 111.1

    নির্দিষ্ট সময়ৰ ঘোষণা মন্ডপত থকা ধৰ্মাচাৰ্য্য বোৰ, ঈশ্বৰ নিৰ্ভয় পাপী আদি সকলো শ্ৰেণীৰ পৰা মহা বিৰোধিতাৰ আহ্বান কৰিল। ভণ্ড তপস্বী আৰু সাহসী নিন্দুক বোৰক কোৱা শুনা গল যে কোনোৱে দিন আৰু ক্ষণটো না জানে। বহুতো মেষপালকে যি সকলে যীশুৰ প্ৰতি প্রেম খুলাখুলিকৈ ঘোষণা কৰিল, তেওঁলোকে ক’লে যে যীশুৰ আগমনটো প্ৰচাৰ কৰিবলৈ তেওঁলোকৰ কোনো বিৰোধিতা নাছিল, কিন্তু নিৰ্দিষ্ট সময় লৈহে তেওঁলোকে আপত্তি কৰিল। সৰ্ব্বদৃষ্টি সম্পন্ন ঈশ্বৰ তেওঁলোকৰ মনটো বুজিব পাৰিলে। তেওঁলোকয়ে যীশুক ভাল পোৱা নাছিল। তেওঁলোকে জানিল যে তেওঁলোকৰ অখ্ৰীষ্টিয় জীৱন সমূহ সাক্ষ্যত সফল হব নোৱাৰে কাৰণ তেওঁলোকে ঈশ্বৰৰ নিৰ্দেশমতে বিনীত পথেৰে চলা নাছিল। এই অপ্ৰকৃত মেষপালক বিলাকে ঈশ্বৰৰ কামত বাধা হৈ থিয় দিছিল। এই মেষপালকবিলাকে মনুষ্য জাতিক সত্যৰ পৰা আঁতৰাই নি চয়তান আৰু তাৰ দূতবিলাকৰ সৈতে একেলগ হল আৰু শান্তি, শান্তি বুলি চিঞৰিল যেতিয়া কোনো শান্তি না ছিল। ঈশ্বৰৰ দূতবিলাক এই আটাইবোৰে লক্ষ্য কৰিছিল আৰু অশুদ্ধ মেষপালক বিলাকৰ পোচাকবোৰ আত্মাৰ তেজেৰে আবৃতহৈ আছিল। তেওঁলোকক ভালপোৱা সকলে ঈশ্বৰৰ পৰা আতাঁৰত থাকি সন্তুষ্ট হৈছিল, যি সকলক সিঁহতৰ নিৰাপত্তাৰ বাৱে জগোৱা ন হব।GCam 111.2

    বহুতো ধৰ্ম্মা চাৰ্য্য বিলাকে নিজসকলে এই বাণীটো গ্রহণ ন কৰাৰ বিপৰীতে গ্ৰহণ কৰোতা সকলক বাধা দিলে। ধৰ্ম প্ৰচাৰক আৰু মানুহ বিলাকে সংযোগ হৈ স্বৰ্গৰ পৰা অহা এই বাণীটোৰ বিৰোধিতা কৰিল। তেওঁলোকে মিলাৰ আৰ এই কামত তেওঁৰ লগত একেলগ হোৱা সকলোকে উৎপীড়িত কৰিল। তেওঁৰ প্ৰভাৱ নষ্ট কৰাৰ বাৱে মিছা প্ৰচাৰ চলোৱা হৈছিল। বিভিন্ন সময়ত তেওঁ ঈশ্বৰৰ উপদেশ প্ৰচাৰ কৰাৰ পাছত এয়া তেওঁৰ শ্ৰোতাসকলৰ বুকুত চোকা সত্যৰে প্ৰয়োগ হোৱাৰ ফলত তেওঁৰ বিৰূদ্ধে মহা ক্ৰোধেৰে তেওঁলোকে জ্বলি উঠিছিল। সভাৰ স্থান খন এৰি যোৱান পাছত কিছুমানে পথতে ৰৈ আছিত তেওঁৰ জীবন লোৱাৰ বাৱে। কিন্তু ঈশ্বৰৰ দূত বিলাকক পঠোৱা হৈছিল তেওঁৰ জীৱন সংৰক্ষাণৰ বাৱে কাৰণ তেওঁৰ কামখিনি এতিয়াও শেষ হৈ যোৱা নাছিল।GCam 112.1

    অতিপাত ভক্ত সকলে আনন্দোৰে এই বাণীটো গ্ৰহণ কৰিল। তেওঁলোকে জানিল যে এৱা আছিল ঈশ্বৰ প্ৰেৰিত আৰু এইটো একোবৰে ঠিক সময়ত সমৰ্পিত হৈছিল। দূতবিলাক গভীৰ আগ্ৰহেৰে স্বৰ্গীয় বাণীক ফলফিলটো লক্ষ্য কৰি আছিল। গীর্জাঘৰবোৰ এৱা নামঞ্জুৰ কৰাত তেওঁলোকে বিষাদেৰে যীশুৰ পৰামৰ্শ ললে তেখেতে গীৰ্জাঘৰবোৰৰ পৰা নিজেকে আতঁৰাই তেখেতৰ দূতবিলাকক নির্দেশ দিলে সেই গুৰাকৰ সকলোৰে প্ৰতি লক্ষ্য ৰাখিবলৈ যি সকলে সাক্ষ্যটো নামঞ্জুৰ কৰা নাছিল কাৰণ আন এটা পোহৰ তেতিয়াও তেওঁলোকৰ ওপৰত পৰিবলৈ আছিল।GCam 113.1

    মই দেখিলো যে খুলাখুলিকৈ স্বীকৃত খ্ৰীষ্টান সকলে তেওঁলোকৰ ত্ৰাণকৰ্তাৰ আগমনটোক ভাল পালে হেতেঁন তেওঁলোকৰ মৰম তেখেতৰ ওপৰত সংস্থাপিত হোৱা হলে। তেখেতৰ সৈতে তুলনা কৰিবলৈ পৃথিৱীত আন কোনোৱে নাই, এয়া ভৱা হলে তেওঁলোকে আনন্দেৰে তেখেতৰ আগমন বাজৰিটো গ্ৰহণ কৰিলে হেতেঁন। কিন্তু প্ৰভুৰ আগমন কথা শুনি তেওঁলোকে অনিচ্ছা প্ৰকাশ কৰাত এইটোৱে স্পষ্টকৈ প্ৰমান হল যে তেওঁলোকে তেখেতক ভাল পোৱা নাছিল। যীশুখ্রীষ্ট আৰু তেখেতৰ পবিত্ৰ দূতবিলাকৰ আগত চয়তান আৰু তাৰ দূতবিলাকে জয়োল্লাস কৰিল আৰু কলে যে তেখেতৰ স্বীকৃত মানুহ বিলাকৰ যীশুৰ প্ৰতি প্রেম ইমানেই কম আছিল যে তেওঁলোকে তেখেতৰ দ্বিতীয় আগমনটোক বিচৰা নাছিল। GCam 113.2

    মই দেখিলো যে ঈশ্বৰৰ মানুহবিলাকে ভৰসাৰে উল্লাসিত হৈ তেওঁলোকৰ প্ৰভুৰ বাৱে আশা কৰি আছিল। কিন্তু ঈশ্বৰে তেওঁলোকেক পৰীক্ষা কৰাৰ বাৱে অভিসন্ধি কৰিল। তেখেতে ঢাকি থোৱা এটা ভুল কানোৱেই উলিৱাব নোৱাৰাত ঈশ্বৰে স্থিৰ কৰিল যে তেখেতৰ মানুহ বিলাকে এটা নিৰাশাৰ মুখোমুখী হব লাগে। সময় উকলি গল, তেওঁলোকৰ ত্রাণকর্তালৈ আশাৰে ৱাট চাই থকা সকলে বিমৰ্ষ আৰু হতাশ হল। আন হাতে, যীশুৰ আগমনত ভাল নো পোৱা আৰু ভয়েৰে বাণীটো গ্ৰহণ কৰা সকল তেখেতে আশা কৰা সময়ত আহি নো পোৱাত সন্তুষ্ট হল। তেওঁলোকৰ প্ৰকাশ তেওঁলোকৰ হৃদয় প্ৰভাৱিত আৰু জীৱনটো শুদ্ধ কৰা নাছিল। এনেকুৱা হৃদয় প্ৰকাশ কৰাৰ বাৱে সময়ৰ অতিক্রমনটোক ভালদৰে গণা হৈছিল। তেওঁলোকেই আছিল প্ৰথম যি সঁতে বিমৰ্ষ, হতাশ সকলৰ গুচৰ চাপি উপহাস কৰিল, যি সকলে প্রকৃত ভাৱে তেওঁলোকৰ ত্ৰাণকৰ্তাৰ আগমনটোক ভাল পাইছিল। মই তেখেতৰ মানুহবিলাকৰ পৰীক্ষাত ঈশ্বৰৰ জ্ঞানৰ দেখা পালো, যত তেখেতে সেই সকলক আবিস্কাৰ কৰিব যি সকলে বিচাৰৰ এই মূহুৰ্তত ভয় কৰি পলায়ৰ কৰিব।GCam 114.1

    যীশু আৰু সকলো স্বগীয় দূতে সহানুভূতি আৰু মৰমেৰে সেই সকলৰ ওপৰত দৃষ্টি দিলে যি সকলে মধুৰ আশাৰে তেখেতক চাবলৈ বাট চাই ছিল যাক তেওঁলোকৰ আত্মায়ে ভাল পাল। দূতবিলাকে তেওঁলোকৰ চাৰিওকাষে ভূৰি ফুৰি আছিল তেওঁলোকৰ যাতনাৰ সময়ত তেওঁলোকক ধৰি ৰাখিবলৈ। স্বৰ্গীয় বাণী গ্রহণ ন কৰা সকলৰ বিৰূদ্ধে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল কাৰণ তেওঁলোকে তেখেতে স্বৰ্গৰ পৰা পঠিওৱা পোহৰটো গ্রহণ ন কৰে। সেই বিশ্বস্ত, হতাশ সকল যি বিলাকে বুজিব নোৱাৰিলে কিয় প্ৰভুৱে অহা নাছিল। সেই সকলক ভবিষ্যতবাণী সম্বন্ধীয় কাল বিচাৰিবলৈ বাইবেলেৰ চালিত কৰা হয়। তাৰ পিচত ঈশ্বৰে ভুলটোৰ ব্যাখ্যা কৰিল। তেওঁলোকে দেখিল যে ভবিষ্যতবাণী সম্বন্ধীয় মিয়াদটো ১৮৪৪ চনলৈ পৌছিল আৰু একেই সাক্ষ্যৰে তেওঁলোকে দেখুৱাবলৈ উপস্থাপন কৰিছিল যে মিয়াদটো শেষ হল ১৮৪৩ চনত, এইটো এয়া প্ৰমাণ কৰিল যে মিয়াদটো সম্পূর্ণ হব ১৮৪৪ চনত। ঈশ্বৰৰ কথাৰ পৰা অহা পোহৰ তেওঁলোকৰ স্থানৰ ওপৰত পৰিল আৰু তেওঁলোকে এটা পলম কৰা সময় আবিস্কাৰ কৰিল। যীশুৰ ততালিকে আগমনত তেওঁলোকৰ প্ৰেমেৰে তেওঁলোকে দৰ্শনৰ পলম কৰালৈ মনোযোগ নিদিলে, যিটো ঠিক কৰা হৈছিল প্রকৃত ভাৱে ৰৈ থকা সকলক প্ৰদৰ্শন কৰোৱাৰ বাৱে। আকৌ তেওঁলোকৰ সময়ৰ এটা মূহূর্ত আছিল। তথাপি মই দেখিলে যে তেওঁলোকৰ বহুতোৱে তেওঁলোকৰ প্রচন্ড তাশাৰ আতঁৰত যাব নোৱাৰিলে, তেওঁলোকৰ উৎসাহ আৰু শক্তি ধাৰণ কৰিবলৈ যিটো ১৮৪৩ চনত তেওঁলোকৰ বিশ্বাসক চিন দিছিল।GCam 115.1

    চয়তান আৰু তাৰ দূতবিলাকে তেওঁলোকৰ ওপৰত জয়োল্লাস কৰিল আৰু বাণীটো গ্ৰহণ ন কৰা সকলক অভিনন্দিত কৰিলে তেওঁলোকৰ দূৰদৃষ্টি সম্পন্ন বিচাৰ আৰু জ্ঞানেৰে সিঁহতৰ মতে এই প্ৰতাৰণা গ্রহণ ন কৰাৰ বাবে। তেওঁলোকে অনুভৱ কৰিল যে তেওঁলোকে চয়তান আৰু তাৰ দূত বিলাকৰ লগত একেলগ হৈ কাম কৰি আছিল ঈশ্বৰৰ মানুহ বিলাকক বিমোৰ কৰিবলৈ।GCam 116.1

    গীর্জাঘৰবোৰত এই বাণীত বিশ্বাসী সকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। কিছু সময়ৰ বাৱে ভয় তেওঁলোকক ধৰি ৰাখিলেও অতিক্ৰান্ত হোৱা সময়ে। তেওঁলোকৰ প্ৰকৃত অনুভূতিবোৰ প্ৰকাশ কৰিল। তেওঁলোকে স্পষ্ট কৈ ভুলটোৰ ব্যাখ্যা কৰিল আৰু যুক্তিৰে দশালে যে কিয় তেওঁলোকে ১৮৪৪ চনত প্ৰভুলৈ ৱাট চোৱাৰ আশা কৰিল। অত্যাচাৰী সকলে ঈয়াৰ বিৰোধিতা কৰিব নোৱাৰিলে, গীর্জাঘৰবোৰৰ ক্ৰোধ তেওঁলোকৰ বিৰূদ্ধে জ্বলি উঠিল। ইয়াৰ পৰা তেওঁলোকক আতঁৰাব চেষ্টা কৰিলেও যীশু তেওঁলোকৰ লগতেই আছিল আৰু তেখেতৰ চেহেৰাৰ পোহাৰে তেওঁলোকক উল্লাসিত কৰিল, তেওঁলোকেদ্বিতীয় দূতৰ বাণীটো গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছিল।GCam 116.2

    ডেনিয়েল ৮:১৪, হেবাকুক ২:১-৪, মালাকি অধ্যায় ৩,৪, মেথিউ ২৪: ৩৬, দৈববাণী ৯৪:৬-৭।GCam 117.1