Loading...
Larger font
Smaller font
Copy
Print
Contents
মহান বিবাদ - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    অধ্যায় ২৫ - উদয় আন্দোলনৰ ব্যাখ্যা

    মই কিছু মান দলক বচিৰে বান্ধি থোৱা যেন দেখিলো। এই দলবোৰত বহুতোৱে সম্পূর্ণ এন্ধাৰত আছিল। তেওঁলোকৰ সৈতে যীশুৰ কোনো সম্বন্ধ যেন নাছিল। এই দলবোৰৰ পৰা উলিওবা কিছুমান ব্যক্তিৰ চেহেৰাবোৰ পোহৰ দেখিল আৰু যি সকলৰ দৃষ্টি ওপৰলৈ স্বৰ্গৰ ফালে তােলা হল। যীশুৰ পৰা বেলিৰ নিচিনা পেহেৰৰ ৰমি তেওঁলোকক দিয়াহল। এজন দূতে মোক মনোযোগৰে দেখিবলৈ নিৰ্দেশ দিলে। মই দেখিলো এজন দূতে প্রতি জনকে লক্ষ্য কৰি আছে যি সকলৰ এটা পোহৰৰ ৰমি আছিল, আনহাতে পতিত দূতবিলাকে এন্ধাৰত থকা সকলৰ চাৰিও কাষে ঘেৰি ধৰিল। মই এজন দূতক চিঞৰি থকা শুনিলো, ঈশ্বৰক ভয় কৰা আৰু তেখেতক মহিমা দিয়া কাৰণ তেখেতৰ বিচাৰৰ সময় আহি গৈছে।GCam 122.1

    এটা গৌৰৱান্বিত পোহৰ এই দলবোৰৰ ওপৰত আহি পৰিল, গ্ৰহণ কৰোতা সকলোকে জ্ঞান দিয়াৰ বাৱে। এন্ধাৰত থকা সকলৰ কিছুমানে পোহৰটো পোৱাত উল্লাস কৰিল। আনবিলাকে স্বৰ্গীয় পোহৰটোক বাধা দিলে আৰু ফলে যে এয়া আছিল প্ৰতাৰণা তেওঁলোকক বিপাকে লৈ যোৱাৰ বাৱে। পোহৰটো। তেওঁলোকৰ পৰা গুচি যোৱাত তেওঁলোকে এন্ধাৰত থাকি গল। যি সকলে যীশুৰ পৰা পোহৰটো গ্ৰহণ কৰিছিল, উল্লাসেৰে ধৰি ৰাখিল বহু মূলীয়া পোহৰৰ বাঢ়ি যোৱাটো, যিটো তেওঁলোকৰ ওপৰত পৰিছিল। তীব্র উৎসাহৰে তেওঁলোকৰ দৃষ্টি ওপৰলৈ যীশুৰ ফালে নিৰ্দেশিত হল। দূতবিলাকৰ মাতৰ সৈতে পৰস্পৰ ঐক্যৰে তেওঁলোকৰ মাত শুনা গল। মই দেখিলো এন্ধাৰত থকা সকলে তেওঁলোকক কাষ আৰু কান্ধেৰে ঠেলা মাৰিল। তাৰ পিচত পবিত্র পোহৰটো ধৰি থকা সকলৰ বহুতোৱে তেওঁলোকক আবদ্ধ কৰি ৰাখা ৰচিবাৰ চিঙিল আৰু সেই দলবোৰৰ পৰাবেলগ হৈ গল। এই বিভিন্ন দলবোৰৰ মানুহ বিলাকে যি সকলক তেওঁলোক সম্মান কৰিছিল, একেৰাহে কৈ আছিল, ঈশ্বৰ আমাৰ সৈতে আছে, আমি পোহৰত থিয়হৈ আছে। আৰু সত্যটো আমাৰ ওচৰত আছে। অনুসন্ধান কৰাৰ পাছত মই জানিলো যে এই মানুহ বিলাক হল ধৰ্মাচাৰ্য্য আৰু মাতব্বৰ লোক, যি সকলে নিজেই পোৰটো ত্যাগ দিছিল আৰু অনিচ্ছুক আছিল যেন আন সকলে এইটো গ্রহণ কৰে। মই দেখিলো পোহৰটো ধৰি থকা সকলে উৎসাহ আৰুব্যগ্র আকাংখাৰে যীশুৰ অহালৈ বাট চাই আছিল তেওঁলোকক তেখেতলৈ লৈ যাৱাৰ বাৱে। ততালিকে পোহৰত উল্লাস কৰা সকলৰ ওপৰত ডাৱৰ আহি পৰাত তেওঁলোকৰ হতাশ হোৱাটো সূচিত কৰিল। সময়টো উকাল যোৱাৰ পাছতো যীশু নাহিল। তেওঁলোক নিৰুৎসাহ হৈ গল, আনহাতে ধৰ্মাচাৰ্য্য আৰু মাতব্বৰ লোক বিলাকে উল্লাসিত হল। পোহৰটো ত্যাগ দিয়া সকলে অতিকৈ জয়োল্লাস কৰিল, আনহাতে চয়তান আৰু তাৰ পতিত দূতবিলাকেও তেওঁলোকৰ চাৰি ও কাষে উল্লাস প্রকাশ কৰিল।GCam 122.2

    তাৰ পিচত মই আন এজন দূতক কোৱা শুনিলো, বেবিলন পতিত হৈছে বুলি। নিৰাশ হোৱা সকলৰ ওপৰত এটা পোহৰ জ্বলি উঠিল আৰু তেখেতৰ আগমনৰ ব্যগ্ৰ আকাংখাৰে তেওঁলোকে আকৌ যীশুৰ ওপৰত তেওঁলোকক দৃষ্টি স্থিৰ কৰিল। তাৰ পিচত মই দ্বিতীয় দূতৰ সৈতে কিছুমান দূতক আলাপ কৰা দেখিলো। বেবিলনৰ পতন হোক্য়া ঘোষণা কৰা দ্বিতীয় দূতৰ সৈতে এই দূতবিলাকে মাত মিলাই ঘোষণা কৰিল, চোৱা দৰা আহিছে। তোমালোক ওলাই যোৱা তেওঁক সাক্ষাৎ কৰিবলৈ! এই দূতবিলাকৰ সুশ্ৰাব্য মাত বোৰ যত তত গৈ পোৱা যেন লাগিল। এটা অত্যধিক উজ্জ্বল আৰু গৌৰৱান্বিত পোহৰ তেওঁলোকৰ চাৰিওকাষে জ্বলি উঠিল যি সকলে তেওঁলোকক দিয়া পোহৰটো ধৰি ৰাখিছিল। মহাগৌৰৱোৰ তেওঁলোকৰ মুখ উজ্জ্বল হল আৰু তেওঁলোকে একেলগ হল দূত বিলাকৰ সৈতে এইটো ঘোষণা কৰিবলৈ, চোৱা দৰা আহিছে! ঘোষণা কৰা এই বিভিন্ন দলবোৰক পোহৰটো ত্যাগ দিয়া সকলে ঠেলা মাৰিল আৰু ক্রোধৰ দৃষ্টিৰে তেওঁলোকক অবজ্ঞা আৰু বিদ্রুপ কৰিল। কিন্তু ঈশ্বৰৰ দূতবিলাকে উৎপীড়িত সকলৰ ওপৰত তেওঁলোকৰ পাখি উটাই নিলে, আনহাতে চয়তান অৰু তাৰ দূতবিলাকে তেওঁলোকৰ চাৰিওকাষে এন্ধাৰ কৰি দিবলৈ বিচাৰিল, স্বৰ্গীয় পোহৰটো ত্যাগ দিয়াৰ বাবে তেওঁলোকক আগুৱাই নিবলৈ।GCam 124.1

    তাৰ পিচত মই যি সকলক ঠেলি দিয়া আৰু বিদ্রুপ কৰা হৈছিল তেওঁলোকলে কোৱা এটা মাত শুনিব পালো, তেওঁলোকৰ মাজৰে পৰা ওলাই আহা আৰু অপৰিস্কাৰটো স্পৰ্শ ন কৰিয়া এটা ডাঙৰ দলে তেওঁলোকক বান্ধি থোৱা ৰচি বোৰ চিঙিল, মাতটিৰে অনুসাৰ এন্ধাৰত থকাবোৰক এৰি আহিল আৰু তেওঁলোকৰ সৈতে একেলেগ হল যি সকলে পূৰ্ব্বতে ৰচিবোৰ চিঙিছিল। মই সামান্য কেইজন মানৰ পৰা ব্য, যন্ত্রণাদায়ক প্ৰাৰ্থনাৰ মাত শুনিব পালো যি সকলৰ এতিয়াও এন্ধাৰত থকা দলবোৰৰ সৈতে অছিল। ধৰ্ম্মৰ্চাৰ্য্য আৰু মাতব্বৰ লোক বিলাক এই বিভিন্ন দলবোৰৰ ভিতৰত চাৰি ও কাষে ঘূৰি আছিল ৰচি বোৰ আৰু অধিক বলেৰে বান্ধিবলৈ। কিন্তু এতিয়াও মই ব্যগ্র প্রার্থনাৰ মাতটো শুনিলো। তাৰ পিচত মই তেওঁলোকক দেখিলো যি সকলে প্ৰাৰ্থনা কৰি আছিল, মুক্ত, ঈশ্বৰ উল্লাস প্রকাশ কৰা সেই একেলগে হোৱা দলটোক সহায় কৰিবলৈ। তেওঁলোকৰ উত্তৰটো আছিল যেতিয়া তেওঁলোক মনোযোগৰে স্বৰ্গলৈ দৃষ্টি দি ওপৰৰ ফালে নিৰ্দেশ কৰিল, তেওঁলোকৰ মাজৰে পৰা ওলাই আহা আৰু বেলেগ হোৱা। মই ব্যক্তি বিশেষ হঁতক স্বাধীনতাৰ বাৱে যুজিবলৈ দেখিলো, আৰু অৱশেষত তেওঁলোকক বান্ধি থোৱা বচিবোৰ তেওঁলোক চিঞিল। ৰচিবোৰ আৰু জোৰকে ৰান্ধি দিয়াৰ প্ৰচেষ্টাবোৰত তেওঁলোক বাধা দিলে আৰু পুনৰুক্তি কৰিল, ঈশ্বৰ আৰু সত্যটো আমাৰ সৈতে আছে। ব্যক্তি বিশেষ সঁতে ক্রমে ক্রমে এন্ধাৰত থকা দলবোৰক এৰিল আৰু মুক্ত দলটোত যোগ দিলে, যিটো পৃথিবীৰ ওপৰত এটা খুলা পথৰোত থকা যেন লাগিল। তেওঁৰ দৃষ্টি আছিল ওপৰ মুখীয়া। ঈশ্বৰৰ গৌৰব।GCam 125.1

    তেওঁলোকৰ ওপৰত আহি পৰিল আৰু তেওঁলোকে উচ্চৈঃস্বৰে ঈশ্বৰৰ প্ৰশংসা কৰিল। তেওঁলোকে একেলগ হল আৰু তেওঁলোকক স্বৰ্গৰ পোহৰেৰে মেৰাই লোৱা হল যেন লাগিল।GCam 126.1

    এই দলটোৰ চাৰিও পাশে কিছুমানে আছিল যে সকলে পোহৰটোৰ প্ৰভাৱত আহিল কিন্তু বিশেষকৈ দলটোৰ সৈতে একেলগ হোৱা নাছিল। তেওঁলোকৰ ওপৰত পৰা পোহৰটোক যি সকলে ধৰি ৰাখিল তেওঁলোক গভীৰ আগ্ৰহৰে ওপৰ মুখীয়া দৃষ্টি দি আছিল। মধুৰ অনুমোদনেৰে যীশু তেওঁলোকৰ ওপৰত পৰা পোহৰটোক যি সকলে ধৰি ৰাখিল তেওঁলোক গভীৰ আগ্ৰহৰে ওপৰমুখীয়া দৃষ্টিদি আছিল।মধুৰ অনুমোদনেৰে যীশু তেওঁলোকৰ ওপৰত দৃষ্টি দিলে যীশুৰে আহিব বুলি তেওঁলোক আশা কৰিল। তেওঁলোকে পৃথিৱী লৈ এটাও লেলেটিয়া দৃষ্টি নি দিলে। আকৌ মই দেখিলো ৰৈ থকা সকলৰ ওপৰত ডাৱৰ এখন স্থিৰ হল আৰু তেওঁলোকৰ ক্লান্ত চকু তলমুখে ঘূৰাই নিলে। এই পৰিবৰ্তনৰ কাৰণ সোধাত মোৰ সঙ্গীদূতজন কলে, তেওঁলোক আকৌ তেওঁলোকৰ আশাসমূহত হতাশ হয় কিয়নো যীশু এতিয়ালৈকে পৃথিবীত অহা নাই। তেওঁলোকক অবশ্যেই যীশুৰ বাৱে যাতনা ভোগ আৰু অধিক কষ্ট সহ্য কৰিব লাগিব। তেওঁলোকক অবশ্যই মানুহবিলাকৰ পৰা পোৱা ভুল আৰু ঐতিহ্য সমূহ পৰিত্যাগ কৰিব লাগিব আৰু ঈশ্বৰ আৰু তেখেতৰ কথালৈ পুৰাপুৰিকৈ ঘুৰাই নিব লাগিব। শোধিত, শুভ্ৰকৰণ আৰু পৰীক্ষিত হৈ যি সকলে সেই তীব্র কষ্ট বোৰ সহ্য কৰে তেওঁলোকে এটা অমৰ জয় লাভ কৰিব। জুই ৰে পৃথিৱীক শোধন কৰাৰে, ধৰ্ম্ম মন্দিৰ নিকা কৰিবলৈ যেনে ৰৈ থাক, উল্লাসিত দলটো আশা কৰিল, যীশু পৃথিবীলৈ অহা নাছিল। মই দেখিলো যে তেওঁলোকৰ ভবিষ্যৎ সম্বন্ধীয় নিৰ্ধাৰিত কালটো শুদ্ধ আছিল। দিনবোৰৰ শেষলৈ ধৰ্ম্ম মন্দিৰটো নিকা কৰিবলৈ যীশু আটাইতকৈ পবিত্র স্থানটোত প্ৰৱেশ কৰিছিল। ৰৈথকা, হতাশ দলটো তেওঁলোকৰ বিশ্বাসৰ সাক্ষাৎ বোৰ চালিজাৰি চাই কোনো ভুল ধৰিব নোৱাৰিলে সময় উকলি গলেও তেওঁলোকৰ ত্রাণ কর্তাক দেখা ন গল। তেওঁলোকে তেখেতক হেৰুৱাইছিল। তাৰ পিচত মোক দেখুওৱা হল শিষ্যবিলাকৰ হতাশা যেনে তেওঁলোকৰ সামাধি স্থানলৈ আহিল আৰু যীশুৰ শৰীৰটোক নে পালে। মেৰীৱে কলে, তেওঁলোকে মোৰ প্ৰভুক লৈ গৈছে আৰু মই লে জানো কত তেখেতক ৰখা হৈছে। দূতবিলাকে বিমর্ষ শিষ্যবিলাকক কলে যে তেওঁলোকৰ প্ৰভুৰ উদয় হৈছিল আৰু তেওঁলোকৰ আগত গেলিলীও যাব।GCam 126.2

    মই দেখিলো যেনে তীব্র সহানুভূতিৰে যীশু হতাশ সকলৰ ওপৰত দৃষ্টি দিলে, তেখেতে তেখেতৰ দূতবিলাকক পঠিৱালে তেওঁলোকৰ মনক নিৰ্দেশিত কৰি বলৈ যাতে তেওঁলোকে তেখেতক বিচাৰি পায় আৰু তেখেতক অনুসৰণ কৰে যত তেখেতে আছিল, যাতে তেওঁলোকে বুজিব পাৰে যে পৃথিবীখন ধৰ্ম্ম মন্দিৰ ন হয়। তেখেতক স্বর্গীয় ধৰ্ম্ম মন্দিৰ খনৰ আটাইতকৈ পবিত্র স্থানটোত অবশ্যেই প্ৰৱেশ কৰিব লাগিব এরা নিকা কৰিবলৈ ইজৰাইলৰ বাবে বিশেষ প্ৰায়শ্চিত্ত কৰিবলৈ আৰু তেখেতৰ পিতৃৰ ৰাজত্বখন গ্ৰহণ কৰিবলৈ আৰু তাৰ পিচত পৃথিৱীলৈ ঘূৰি গৈ তেওঁলোকক লোৱাৰ বাৱে যত তেখেতৰ সৈতে চিৰকালৰ বাৱে তেওঁলোক বাস কৰে। শিষ্যবিলাকৰ হতাশা বুজাব সেই বিলাকৰ হতাশা যি সকলে ১৮৪৪ চনত তেওঁলোকৰ প্ৰভুৰ অহালৈ আশা কৰিল। মোক লৈ যোৱা হল সেই সময়লৈ যেতিয়া জয়োল্লাসোৰ খ্রীষ্ট জেৰুজালেমত প্ৰৱেশ কৰিল। উল্লাসিত শিষ্যবিলাকে বিশ্বাস কৰিল যে তেখেতে তাৰ পিচত ৰাজ্যখন গ্ৰহণ কৰিব আৰু পাৰ্থিব ৰজাৰনিচিনা ৰাজত্ব চলবে। তেওঁলোক উচ্চ আশাৰে তেওঁলোকৰ ৰজাক অনুসৰণ কৰিল। তেওঁলোক সুন্দৰ তালগছৰ পাতবোৰ কাটি তেওঁলোকৰ বাহিৰৰ পোচাকবোৰ আঁতৰালে আৰু উদ্যমশীল আগ্ৰহেৰে সেইবোৰ ৱাটত পাৰি দিলে। কিছু মানে আগত গল আৰু আনবিলাকে অনুসৰণ কৰিল এয়া ঘোষণা কৰি, ডেভিডৰ পুত্ৰ হোক্চান্নালৈ! আশীৰ্ব্বাদ ধন্য তেওঁখানে আহে প্ৰভুৰ নামত! উচ্চ খাপত হোক্চান্না! উত্তেজনা খন ভণ্ডবিলাকক আমনি দিলে আৰু তেওঁলোকে অশ কৰিল যীশুৱে তেখেতৰ শিষ্যবিলাকক তিৰস্কাৰ কৰক। কিন্তু তেখেতে তেওঁলোকৰ উদ্দেশ্যে কলে, তেওঁলোকমনে মনে থাকিলে শিলবোৰ ততালিকে চিঞৰি উঠিব। জোকাৰিয়া ৯:৯ ৰ ভবিষ্যতবাণীটো অবশ্যেই সিদ্ধ কৰিবই লাগিব, তথাপি মই শিষ্যবিলাক তীব্র হতাশাত ভুগি থকা দেখিলো। কিছু দিন পাছত তেওঁলোকে কেলভেৰী লৈ যীশুক অনুসৰণ কৰিল আৰু তেখেতক তেজ ওলাই থকা অৱস্থাত আৰু হ্ৰক্ষাচটোৱে ক্ষতবিক্ষত কৰা দেখিল। তেওঁলোকে তেখেতৰ যন্ত্ৰণাদায়ক মৃত্যু দেখিল আৰু তেখেতক কবৰত শুৱাই দিলে। দুঃখেৰে তেওঁলোকৰ হৃদয় ডুবি গল আৰু যীশুৰ সৈতে তেওঁলোকৰ আশাও মাৰ গল। কিন্তু যেনে তেখেত মৃতাৱস্থাৰ পৰা উঠি আহিল আৰু তেখেতৰ বিমর্ষ শিষ্যবিলাকৰ আগত দেখা দিলে, তেওঁলোকৰ আশাও সজীৱ হল। তেওঁলোকৰ ত্ৰাণকৰ্ত্তাক হেৰুৱালেও আকৌ তেওঁলোকে তেখেতক ঘূৰাই পালে। মই দেখিলো যে ১৮৪৪ চনত প্ৰভুৰ আগমনত বিশ্বাস সকলৰ হতাশা, শিষ্যবিলাকৰ হতাশাৰ সামনেই নাছিল। ভবিষ্যদ্বাণী সমূহ প্ৰথম আৰু দ্বিতীয় দূতৰ বাণীত সিদ্ধ কৰা হৈছিল। তেওঁলোকক ঠিক সময়ত দিয়া হৈছিল। আৰু ঈশ্বৰৰ অনুসাৰ কামটো সম্পূৰ্ণ কৰিল।GCam 127.1

    ডেনিয়েল ৮:১৪( মেথিউ ২১:৪-১৬, ২৫-৬( মার্ক ১৬:৬-৭( লিউক ১৯:৩৫-৪০( জন ১৪:১-৩, ২০-১৩( কোৰীনথিয়ানচ ৬:১৭( দৈববাণী ১০:৮-১১, ১৪:৭-৮ দেখক।GCam 129.1

    Larger font
    Smaller font
    Copy
    Print
    Contents