Loading...
Larger font
Smaller font
Copy
Print
Contents
মহান বিবাদ - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First

    অধ্যায় ২৬ - বিশদ ব্যাখ্যা

    মোক দেখুওৱা হয় সেই আগ্রহ যিটো সেই কামত গোটেই স্বৰ্গখন লৈছিল যিটো পৃথিৱীৰ ওপৰত চলি আছিল। যীশু তেখেতৰ দ্বিতীয় আগমনৰ বাৱে এজন শক্তিশালী আৰু প্ৰবল পৰাক্রমী দূতক নিয়োগ কৰিল, নামি আহি পৃথিৱীৰ অধিবাসী সকলক প্রস্তুতিৰ সতর্ক কৰি দিবলৈ। মই সেই প্ৰবল পৰাক্রমী দূতক স্বৰ্গত যীশুৰ উপস্থিতি এৰি যোৱা দেখিলো। এটা অতিকৈ উজ্জ্বল আৰু গৌৰৱান্বিত পোহৰ তেওঁৰ আগে দি গল। মোক কোৱা হল যে তেওঁৰ উদ্দেশ্য আছিল তেওঁৰ গৌৰৱেৰে পৃথিৱীক আলোকিত কৰা আৰু ঈশ্বৰৰ অহা ক্ৰোধৰ বিষয়ত মানুহক সতর্ক কৰি দিয়া। মানুহৰ জাকে পোহৰটো গ্ৰহণ কৰিল। কিছুমানক বৰকৈ ভক্তিপূর্ণ যেন লাগিল, যেতিয়া আনবিলাকে আছিল উল্লাসিত আৰু আ(দিত। পোহৰটো সকলোৰে ওপৰত পৰিল। কিন্তু কিছু মানে মাথোন পোহৰটোৰ প্ৰভাবত আহিল আৰু এয়া মনপাৰি গ্ৰহন ন কৰিল। কিন্তু গ্রহণ কৰোঁতা সকল স্বৰ্গলৈ ওপৰমুখীয়া লৈ ঈশ্বৰক গৌৰৱান্বিত কৰিল। বহুতোৱে বৰকৈ ক্রোধেৰে পুৰ হল। ধৰ্মাচাৰ্য্য আৰু মনুষ্য জাতি অধম মানুহ বোৰৰ লগত একেলগ হল আৰু প্ৰবল পৰাক্ৰমী দূতজনে দিয়া পোহৰটোক দৃঢ়ৰূপে বাধা দিলে। কিন্তু গ্রহণ কৰোঁতা সকলে জগতৰ পৰা নিজ সকলক ফিৱাই ললে আৰু ওচৰা ও চৰিকৈ একেলগ হল।GCam 130.1

    পোহৰৰ পৰা যি কেইজনৰ মন আকৰ্ষণ কৰিব পাৰিলে হয়। সেইটো কৰিবলৈ চয়তান আৰু তাৰ দূতবিলাকে ব্যস্ত হৈ আবদ্ধ হল। এৱা অগ্রাহ্য কৰা দলটোক এন্ধাৰত ত্যাগ কৰা হল। মই দেখিলো ঈশ্বৰৰ খুলাখুলিকৈ স্বীকৃত মানুহবিলাকক সেই দূতজনে তীব্র আগ্রহেৱে লক্ষ্য কৰি আছে, সেই চৰিত্ৰ লিখি থবলৈ যিটো তেওঁলোক মুকলি কৰিল, যেনে স্বর্গীয় মূলৰ বাণীটো তেওঁলোকলৈ আগভেটা হল। যেনে বৰ অধিক সংখ্যকে যীশুৰ বাৱে তেওঁলোকৰ প্ৰেম খুলাখুলিকৈ ঘোষণা কৰিল( বিদ্রুপ, উপহাস আৰু ঘৃণাৰ স্বৰ্গীয় বাণীৰ তেওঁলোকে ঘূৰি গল তেতিয়া এজন দূতে তেওঁৰ হাতত থকা ছালৰ কাকতেৰে লাজলগা নথিখন বনালে। গোটেই স্বৰ্গখন ৰোষেৰে ভৰি গৈছিল। কাৰণ তেখেতৰ শিষ্যবিলাকৰ দ্বাৰা যীশুক অবজ্ঞা কৰা হৈছিল।GCam 131.1

    মই বিশ্বাসী সকলৰ হতাশা দেখিলো। তেওঁলোকে তেওঁলোকৰ প্রভুক আশা কৰা সময়ত নে দেখিলো। ভবিষ্যৎটো লুকুৱাবৰ বাৱে আৰু তেখেতৰ মানুহ বিলাকক সিদ্ধান্তৰ মুহূৰ্ত্তত আনিবলৈ এয়া আছিল ঈশ্বৰৰ উদ্দেশ্য। এই সময়টোৰ অবিহনে ঈশ্বৰ স্থিৰ কৰা কামটো সিদ্ধ কৰা সম্ভব ন হল হেতেন। চয়তানে বৰ অধিক সংখ্যক মনক বহু দূৰলৈ ভবিষ্যতত আগুৱাই নিছিল। খ্রীষ্টৰ আগমনৰ বাৱে ঘোষণা কৰা এটা নিৰ্ধাৰিত কাল অবশ্যেই সেই মনক আনিব লাগিব আগ্ৰহেৰে এটা বৰ্তমান প্রস্তুতি খুঁজিবৰ বাৱে। যেনে সময় উকলি গল, যি সকলে দূতৰ পোহৰ পুৰাপুৰিকৈ গ্ৰহণ কৰা নাছিল, তেওঁলোকৰ সৈতে একেলগ হল যি সকলে স্বর্গীয় বাণীটো ঘৃণা কৰিছিল আৰু বিদ্রুপত তেওঁলোক হতাশগ্রস্ত সকলৰ ওপৰত ঘূৰি আহিল! মই যীশুৰ সৈতে স্বৰ্গত থকা দূত বিলাকৰ আলাপ কৰা দেখিলো। তেওঁলোক খ্ৰীষ্টৰ খুলাখুলিকৈ স্বীকৃত শিষ্যবিলাকৰ গতিৰ অৱস্থান লক্ষ্য কৰিল। নিৰ্দিষ্ট সময়ৰ অতিক্রমণ তেওঁলোকক পৰীক্ষা । কৰি প্ৰমাণ কৰিছিল আৰু বৰ অধিক সংখ্যক জোখা হৈছিল আৰু ঘাটি পোৱাগল। তেওঁলোক সকলোৱে উচ্চৈঃস্বৰে খ্রীষ্টান হবলৈ খুলাখুলিক ঘোষণা কৰিল তথাপি প্ৰায় প্ৰতিটো বিষয়ত খ্ৰীষ্টক অনুসৰণ কৰিবলৈ ব্যর্থ হল। খ্রীষ্টৰ শিষ্যবিলাকৰ এই অবস্থাত চয়তান উল্লসিত হল। আৰু তেওঁলোকৰ তার ফান্দত পেলাইছিল। সি অধিকাংশ সৰল পথটো এৰিবলৈ আগুৱাই নিছিল আৰু আন কোনো উপায়ত স্বৰ্গলৈ উঠৰে চেষ্টা কৰিছিল। দূতবিলাকে দেখিল বিশুদ্ধ নিৰ্ম্মল আৰু পবিত্ৰ সকলেৰে জিওনত পাপী সকল আৰু জগৎ প্ৰেমী ভণ্ড তপস্বী সকলৰ লগত মিলি গৈছে। তেওঁলোকে যীশুৰ প্ৰকৃত প্ৰেমী সকলৰ ওপৰত পহৰা দিছিল কিন্তু অনাচাৰী বোৰে পবিত্ৰ সকলক চলাই আছিল।GCam 131.2

    যীশুক দেখিবলৈ তেওঁলোক যি সকলৰ হৃদয় বাসনা তীব্র আশেৰে জ্বলি উঠিল, তেখেতৰ আগমনৰ কথা কবলৈ তেওঁলোকৰ স্বীকৃত ভ্রাতৃবিলাকৰ দ্বাৰা নিষিদ্ধ হল। দূতবিলাকে গোটেই দৃশ্যখন দেখিল আৰু অৱশেষৰ সৈতে মৰম পতিয়ালৈ, যি সকলে যীশুৰ আগমনত ভাল পালে। পৃথিৱীত নামিবলৈ আন এজন প্রবল পৰাক্রমী দূতক নিয়োগ কৰা হৈছিল। যীশুৱে তেওঁৰ হাতত এখনি লেখ থলে আৰু পৃথিৱীলৈ আহি তেওঁ ঘোষণা কৰিল, বেবিলন পতিত হৈছে! পতিত হৈছে। তাৰ পিচত মই হতাশ সকলক আকৌ আনন্দিত হোৱা দেখিলো আৰু তেওঁলোকৰ প্ৰভুৰ আগমনৰ বাৱে বিশ্বাস আৰু আশাৰ দৃষ্টিৰে তেওঁলোকে স্বৰ্গলৈ দৃষ্টি দিলে। তেওঁলোকে বাইবেলৰ পৰা দেখিল যে তেওঁলোকক অবশ্যেই ধৈৰ্য্যৰে দৰ্শনটো পুৰা হোৱালৈ ৰৈ থাকিব লাগিব। তেওঁলোকৰ হতাশাই তেওঁলোকৰ বিশ্বাসত উৎসাহ ভঙ্গ কৰিছিল। কিন্তু যেনে দ্বিতীয় দূতৰ ঘোষণাত হতাশ সকলে একেলগ হল। তীব্র আগ্ৰহেৰে স্বৰ্গীয় দূতবিলাকে দৃষ্টি দি সেই বাণীৰ প্রভাৰটো লক্ষ্য কৰিল। খ্ৰীষ্টৰ নাম বহন কৰা সকলে বিদ্রুপ আৰু ঘৃণাৰে হতাশ সকলক কলে, তোমালোক এতিয়াও উপৰলৈ যোৱা নাই। এজন দূতে সেইটো লিখি ললে। দূত জনে কলে, তেওঁলোক ঈশ্বৰক ইতিকিং কৰে।GCam 132.1

    মোন এলিজাৰ অনুবাদলৈ আঙ্গুলিয়াই দিয়া হল। তেওঁৰ আবৰণী খন এলিচাৰ ওপৰত পৰিল আৰু দুষ্ট শিশুবিলাকে (যুবক) তেওঁক ভেঙুচলি কৰি অনুসৰণ কৰিল আৰু ঘোষণা কৰিল। তপামূৰা, তুমি ওপৰলৈ উঠ! ওপামূৰা তুমি ওপৰলৈ উঠা! তেওঁলোকে ঈশ্বৰক ইতিকিং কৰিল আৰু তাতেই তেওঁলোকক শাস্তি বিহা হল। তেওঁলোকে এয়া তেওঁলোকৰ পিতৃমাতৃৰ পৰা শিকিছিল। তেওঁলোক যি সকলে সিদ্ধ পুৰুষৰ এই কামত বিদ্রুপ কৰিছে আৰু হাঁহিছে, ঈশ্বৰৰ দ্বাৰা শাস্তি বিহা হব আৰু অনুভৱ কৰিব যে ঈশ্বৰৰ সৈতে উপলুঙ কৰাটো সৰু বিষয় ন হয়।GCam 133.1

    তেখেতৰ মানুহবিলাকৰ জুৰুলা বিশ্বাসটো আকৌ জীয়াই অধিক শক্তিশালী কৰিবলৈ, দ্বিতীয় দূতৰ বাণীটো বুজিবৰ বাবে আৰু অলপতেই স্বৰ্গত ঘটিবলৈ যোৱা গুৰুত্বপূর্ণ বিষয়টোৰ বাৱে প্রস্তুত কৰিবলৈ যীশুৱে আন দূতবিলাকক নিয়োগ কৰিল। যীশুৰ পৰা পোহৰ গ্ৰহণ কৰি এই সকলে দ্বিতীয় দূতক তেওঁৰ কামত সহায় কৰিল। এটা উজ্জ্বল পোহৰ ঈশ্বৰৰ মানুহ বিলাকৰ ওপৰত পৰিল যেতিয়া দূতবিলাকে ঘোষণা কৰিল, চোৱাদেৰাজান আহিছে, ওলাই যোৱা আৰু তেওঁক সাক্ষাৎ কৰা। দূতবিলাকৰ পৰা অহা পোহৰ যত তত এন্ধাৰ গুচাই দিলে। চয়তান আৰু তাৰ দূতবিলাকে এই পোহৰটো বিস্তাৰ হবলৈ আৰু এবাৰ প্ৰভাৱৰ বাৱে বাধা দিবলৈ চেষ্টা কৰিল। তেওঁলোকে ঈশ্বৰৰ দূতবিলাকৰ সৈতে বিবাদ কৰিল আৰু তেওঁলোকক কলে যে ঈশ্বৰ মানুহবিলাকক প্ৰতাৰণা কৰিছিল আৰু তেওঁলোকৰ সকলো পোহৰ আৰু ক্ষমতাৰে তেওঁলোক মানুহবিলাকক বিশ্বাস কৰাৱ নোৱাৰিলে যে যীশু আহি আছিল। ঈশ্বৰৰ দূতবিলাকে তেওঁলোকৰ কাম চলাই গল, যদিও চয়তানে ইয়াত বাধা দিবলৈ আৰু মানুহ বিলাকৰ মনক পোহৰৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিল। এয়া গ্ৰহণ কৰোঁতা সকলক সুখী দেখালে। তেওঁলোক স্বৰ্গলৈ স্থিৰ দৃষ্টিৰে যীশুৰ আগমনৰ বাৱে বাসনা কৰিল। বৰকৈ দূৰ্দশাত থকা কিছুমানে কান্দি প্রার্থনা কৰি আছিল। তেওঁলোকৰ দৃষ্টি যেন স্থিৰ আছিল তেওঁলোকৰ ওপৰতেই আৰু ওপৰমুখীয়া দৃষ্টি দিবলৈ তেওঁলোক সাহস ন কৰিল।GCam 134.1

    স্বৰ্গৰ পৰা এটা বহুমূলীয়া পোহাৰে তেওঁলোকৰ পৰা এন্ধাৰ আঁতৰাই নিলে আৰু ফল স্বৰূপে তেওঁলোকৰ দৃষ্টি ওপৰমুখীয়া হল, যত প্ৰতিখন মুখতে কৃতজ্ঞতা আৰু পবিত্র আনন্দ প্ৰকাশ পালে। বিশ্বাসী আৰু ৰৈ থকা সকলৰ ওপৰত যীশু আৰু সকলো স্বর্গীয় দূতে অনুমোদনেৰে দৃষ্টি দিলে।GCam 135.1

    প্রথম দূতৰ বাণীৰ পৰা অহা পোহৰটো বাধা দিয়া সকলে দ্বিতীয় জনৰ পোহৰো হেৰুৱালে আৰু বাণীটো বহন কৰা ক্ষমতা আৰু গৌৰবেৰে উপকৃত হব নোওৱাৰিল। কিন্তু বাণীটো গ্রহণ কৰোতা সকলে ৰৈ, লক্ষ্য কৰি, ঈশ্বৰৰ ইচ্ছা জানিবলৈ প্ৰাৰ্থনা কৰিল। তেখেতক বিতুষ্ট কৰিবলৈ তেওঁলোক বৰকৈ ভয় কৰিল। চয়তানে পোহৰটোক ঈশ্বৰৰ মানুহ বিলাকৰ পৰা দূৰত ৰাখিব নোৱাৰে যেতিয়া লৈ ৰৈ থকা সকলে পোহৰ টো ধৰি ৰাখে। স্বৰ্গৰ পৰা অহা বাণীটোৰে চয়তান আৰু তাৰ দূতবিলাকে, আৰু যীশুৰ স্বীকৃত প্ৰেমী সকলে ক্রদ্ধ হল। এও সকলেই তেখেতৰ আগমনক অবজ্ঞা কৰিল আৰু বিশ্বাসী সকলক বিদ্রুপ আৰু উপহাস কৰিল। কিন্তু এজন দূতে এই সকলোখিনিলৈ লক্ষ্য ৰাখিল। অধিকাংশ মানুহে উচ্চৈস্বৰে দৰা আহিছে বুলি চাৰলৈ ঘোষণা কৰিল। আৰু তেওঁলোকৰ ভ্ৰাতৃবিলাকক ত্যাগ কৰিল সকলে যীশুৰ আগমনৰ ভাল পোৱা নাছিল আৰু যি সকলে তেখেতৰ দ্বিতীয় আগমনৰ বাৱে যাতনা ভোগ ন কৰে। মই দেখিলো যীশুৱে তেখেতৰ মুখ ঘূৰাই ললে সেই সকলৰ পৰা যি সকলে তেখেতৰ আগমনক অগ্রাহ্য আৰু ঘৃণা কৰিল আৰু তাৰ পিচত তেখেতে দূতবিলাকক নিৰ্দেশ দিলে অপৰিস্কাৰ মানুহসকলৰ পৰ তেখেতৰ মানুহ বিলাকক ওলাই আনিবলৈ, যাতে তেওঁলোক অশুদ্ধ হৈ নে যায়। বাণীটোৰ প্ৰতি বাধ্য সকলেই মুক্ত হৈ থিয় দিলে আৰু একেলগ হল। এটা পবিত্ৰ আৰু উৎকর্ষ পোহৰ তেওঁলোকৰ ওপৰত উজলিলে। তেওঁলোক জগৎ সাংসাৰিক ধন সম্পত্তি, ইয়াত থকা মৰম আটাইখিনিৰে ত্যাগ দিলে আৰু তেওঁলোকৰ ব্যগ্ৰ দৃষ্টি নিবদ্ধ আছিল স্বৰ্গলৈ, তেওঁলোকৰ প্ৰিয় উদ্ধাৰ কৰ্ত্তাক চোৱাৰ আশাৰে। এটা বিশুদ্ধ, পবিত্র আনন্দ তেওঁলোকৰ চেহেৰাত দেখা গল। আৰু শান্তি, অন্তৰত থকা আনন্দৰ কথা যেন কলে। বিচাৰ ক্ষণ আহিবলৈ ধৰাত তেওঁলোকক শক্তিশালী কৰিবলৈ যীশুৰে তেখেতৰ দূত বিলাকক নির্দেশ দিলে। মই দেখিলো যে এই ৰৈ থকা সকলেৰ পৰীক্ষিত হোৱা নাছিল যিটো হব লাগিছিল। তেওঁলোকে ভুলৰ পৰা মুক্ত নাছিল। পৃথিবৱীৰ মানুহ বিলাকক সাৱধান বাণী পঠিওৱাত মই ঈশ্বৰৰ দয়া আৰু ভালত্ব দেখা পালে। যাতে তেওঁলোকে নিজৰে মাজতে অনুসন্ধান কৰি, বিধৰ্ম্মী আৰু পোপ বাদী সকলৰ পৰা আঁতৰাই নি ভুলটো শুধৰাব পাৰে। এই বাণীবোৰৰ যোগেদি ঈশ্বৰ তেওঁৰ মানুহ বিলাকক সহায় কৰি আছে যাত তেখেতে অধিক ক্ষমতাৰে তেওঁলোকৰ বাবে কাম কৰিব পাৰে আৰু তেখেতৰ সকলো আজ্ঞাই তেওঁলোকে মানি চলিব পৰে।GCam 135.2

    ২ ৰজাবিলাক ২:১১-২৫, ডেনিয়েল ৮:১৪, হেবাকুক ২:১-৪, মেথিউ ২৫:৬, দৈববাণী ১৪:৮, ১৮:১-৫GCam 137.1